ব্যক্তিগত লাভালাভৰ বাবে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ৰিপুন বৰাই- দেৱব্ৰত শইকীয়া

 04/18/2022 - 14:03

 


নিউজ ডেস্কঃ দেওবাৰে কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই।

 

তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা অভিষেক বেনাৰ্জীয়ে এক টুইটযোগে দেওবাৰে বিয়লি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছ যোগদান কৰাৰ কথা ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷

 

দেৱব্ৰত শইকীয়াই কয়- ৰিপুণ বৰাই নেতৃত্ব দিয়া দলটো আজি ত্যাগ কৰিছে৷ এই সিদ্ধান্ত তেওঁ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে লৈছে৷ কংগ্ৰেছ দলে ৰিপুণ বৰাক সকলো দিছিল৷

 

তেওঁ আচলতে দলীয় স্বাৰ্থৰ বাবে কাম কৰা নাছিল, ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ৰাজনীতি কৰিছিল, সেইকাৰণে তেওঁ দল ত্যাগ কৰিছে৷ ৰিপুণ বৰা আচলতে বুদ্ধিভ্ৰষ্ট হৈছে, সেই কাৰণে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।