ডুমডুমা পৌৰসভাৰ নৱ-নিৰ্বাচিত পৌৰ আয়ুক্তসকলৰ শপত গ্ৰহণ

 04/18/2022 - 15:46

 

 


ডুমডুমাঃ অৱশেষত ডুমডুমা পৌৰসভাই নতুন পৌৰপতি পাবলৈ সক্ষম হ’ল| আজি ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত ডুমডুমা পৌৰসভাৰ নৱ-নিৰ্বাচিত পৌৰ আয়ুক্তসকলৰ শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰে। আয়ুক্ত সকলৰ শপত গ্ৰহণৰ পিচত পৌৰপতি আৰু উপপৌৰপতি নিৰ্বাচন কৰা হয়|

 

চাৰিবাৰকৈ জয়ী হোৱা ৭নং ৱাৰ্ড আয়ুক্ত কান্তা ভট্টাচাৰ্য্যক বিজেপি দলে অভিজ্ঞতা সম্পন্ন হিচাপে পৌৰপতি পদত আৰু ৮নং ৱাৰ্ড আয়ুক্ত মণি দত্তক উপ পৌৰপতি হিচাপে নিৰ্বাচন কৰে। উল্লেখযোগ্য যে 10 খন ৱাৰ্ডত ন খন আসন বিজেপি দলে দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰিতে কংগ্ৰেছ দলে এখন আসন লাভ কৰিছিল|

 

অনুষ্ঠানত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত দিপু ডেকা, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডুমডুমা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা চক্ৰ বিষয়া ৰণন্ময় ভৰদ্বাজ, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়াৰ লগতে বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।