আজি অগপ দলত যোগদান পাৰ্থ প্ৰতিম বৰাৰ

 04/18/2022 - 16:15

 

নিউজ ডেস্কঃ আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সম্পাদক, প্ৰাক্তন মুখপাত্ৰ তথা NSUI ৰ প্ৰাক্তন ৰাজ্যিক সভাপতি পাৰ্থ প্ৰতিম বৰাই অগপ দলত যোগদান কৰে৷

 

আমবাৰীস্থিত অগপ দলৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্য্যসূচীত উপস্থিত থাকি যুৱনেতা গৰাকীক দলৰ মজিয়ালৈ আদৰণি জনায়।

 

যোগদান কাৰ্যসূচীত অগপ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া,সাধাৰণ সম্পাদক মনোজ শইকীয়া প্ৰমুখ্যে সুনীল ডেকা, ড° তপন দাস, জিতু বৰগোঁহাইৰ লগতে দলৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।