আৰম্ভ হ’ল গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহ

 03/14/2019 - 15:39

গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হ’ল বিশ্ববিদ্যালয় সপ্তাহ ২০১৯৷

সপ্তাহজোৰা কাৰ্যসূচীৰে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হৈছে বিশ্ববিদ্যালয় সপ্তাহ ২০১৯৷

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডা০ মৃদুল হাজৰিকাই বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলনেৰে বিশ্ববিদ্যালয়ৰ কাৰ্যসূচী শুভাৰম্ভনী কৰে৷

লগতে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি লাকীমনি বৰুৱাইয়ো পতাকা উত্তোলন কৰে৷ ইয়াৰ পিছত অনুষ্ঠিত হোৱা এখন সভাত ভাষণ প্ৰসংগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডা০ মৃদুল হাজৰিকাই এই সমাৰোহে ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়াসুলভ মনোভাব আৰু ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰিব বুলি আশা ব্যক্ত কৰে৷

বিশ্ববিদ্যালয় সপ্তাহ সমাৰোহ অনুষ্ঠানত ভাৰপ্ৰাপ্ত পঞ্জীয়ক-অধ্যাপক ড০ ননীগোপাল মহন্ত, শ্ৰেণীসমূহৰ সচিব ড০ হেমন্ত কুমাৰ নাথ, ছাত্ৰ-কল্যান সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি লাকীমনি বৰুৱা, সাধাৰন সম্পাদক নয়নজ্যোতি গগৈকে ধৰি সন্থাৰ বিষয়ববীয়াসকলৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

সপ্তাহৰ প্ৰথম দিনাই আৰম্ভ হ’ল মাৰ্চপাষ্ট, সংগীত, তৰ্ক, ছাত্ৰ আৰু ছাত্ৰীৰ জিৰনী কোঠাৰ প্ৰতিযোগিতা, লঘূ ক্ৰীড়া বিভাগৰ বিভিন্ন প্ৰতিযোগিতা আৰু লোক নৃত্য প্ৰতিযোগিতা আদিৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।