আজি আন্তর্জাতিক চাহ দিৱস

 05/21/2022 - 19:23

 

নিউজ ডেস্কঃ প্ৰতিবছৰে ২১ মে' তাৰিখে গোটেই বিশ্বজুৰি উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ে ২০১৯ চনৰ ২১ ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে উদযাপন কৰে। চাহৰ ঐতিহাসিক মহত্ত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে গোটেই বিশ্বত চাহে পেলোৱা গভীৰ সংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰা এই দিৱসৰ মূল লক্ষ্য।

 

চাহৰ বহনক্ষম উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে চাহ গ্ৰহণৰ গুৰুত্ব আৰু পানীয় হিচাপে ব্যবহাৰ কৰি বিশ্বৰ খাদ্য সংকট আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সজাগতা সৃষ্টি কৰা আন্তৰ্জাতিক চাহ দিৱসৰ মুখ্য উদ্দেশ্য।

 

২০০৫ চনৰ পৰা চাহ উৎপাদনকাৰী দেশ সমূহ যেনে: ভাৰত, শ্ৰী লংকা, নেপাল, ভিয়েটনাম, ইণ্ডোনেছিয়া, বাংলাদেশ, কেনিয়া, মালাৱী, মালয়েছিয়া, উগাণ্ডা আৰু টাঞ্জানিয়ায়ে ১৫ ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰি আহিছিল।

 

ৰাষ্ট্ৰসংঘয়ে অনুমোদন জনোৱাৰ পিছত ২০২০ চনত প্ৰথমবাৰৰ বাবে ২১ মে' তাৰিখে এই দিৱস উদযাপন হয়। আন্তৰ্জাতিক চাহ দিৱসে বিশ্বৰ চৰকাৰসমূহ আৰু নাগৰিকক বৈশ্বিক চাহ বাণিজ্যয়ে চাহ শ্ৰমিকসকলৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু ইয়াৰ লগত মূল্যৰ সহযোগ আৰু আইনী বেপাৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।