ভাৰতীয় কিশোৰ দবাৰুয়ে পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক, স্তম্ভিত বিশ্ববাসী

 05/21/2022 - 20:19

 

নিউজ ডেস্কঃ ভাৰতীয় কিশোৰ গ্ৰেণ্ড মাষ্টাৰ প্ৰাগনানন্দা ৰমেশবাবুয়ে বিশ্ব চেম্পিয়ন নৰৱেৰ গ্ৰেণ্ড মাষ্টাৰ মেগনাছ কাৰ্লছনক দ্বিতীয়বাৰ পৰাস্ত কৰিছে৷শুকুৰবাৰে চেচেবল মাষ্টাৰছ অনলাইন ৰেপিড দবা প্ৰতিযোগিতাৰ পঞ্চম ৰাউণ্ডত দুয়োজন খেলুৱৈয়ে মুখামুখি হয় আৰু কাৰ্লচেনৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত প্ৰাগনানন্দাই নকআউট পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা সজীৱ কৰি ৰাখে।

 

বিশ্ব চেম্পিয়ন কাৰ্লছনে পলমকৈ কৰা এটা ভুলৰ সুযোগক সদ্ব্যৱহাৰ কৰি ২০২২ চনত দুবাৰকৈ পৰাস্ত কৰিছে ভাৰতীয় কিশোৰ দবাৰু ৰমেশবাবুৱে। এই জয়ৰ পিছতে প্ৰাগনাণ্ডাই নিজৰ পইণ্ট ১২ লৈ বৃদ্ধি কৰিছে৷ ইফালে প্ৰতিযোগিতাখনৰ দ্বিতীয়টো দিনত চীনৰ ৱেই য়িৰ পিছতে লিডাৰবৰ্ডত দ্বিতীয় স্থানত আছে বিশ্ব চেম্পিয়ন কাৰ্লচেন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।