অহা বছৰৰ ভিতৰত সমাধান হ’ব অসম–অৰুণাচল প্ৰদেশৰ সীমা সমস্যা- অমিত শ্বাহ

 05/22/2022 - 15:31
 
 
 
নিউজ ডেস্কঃ শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে কয় অহা বছৰৰ ভিতৰত অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজৰ আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধান হ’ব পাৰে।উত্তৰ-পূবক ‘বিদ্ৰোহী মুক্ত’ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি দাবী কৰে অমিত শ্বাহে। তেওঁ কয় যে কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত ৮ বছৰত অঞ্চলটোৰ ৯ হাজাৰ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে।অমিত শ্বাহে আৰু কয় যে বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে অসমৰ বড়োলেণ্ড অঞ্চলৰ বিদ্ৰোহ সমাধান কৰা হৈছে। "উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণ আৰু ত্ৰিপুৰাত ব্ৰু শৰণাৰ্থী সমস্যাৰ সমাধানৰ বাবে মোদী চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ কাৰ্বি আংলঙত শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে পদক্ষেপ গ্রহণ কৰিছে।’’ কয় অমিত শ্বাহে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।