অগপক সমালোচনা হীৰেন গোহাঁইৰ

 03/15/2019 - 12:09

গুৱাহাটী: অগপ-বিজেপি প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনাইছে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই। গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই কথা ব্যক্ত কৰে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ অধ্যক্ষ হীৰেন গোহাঁয়ে। অগপ-বিজেপিৰ মিত্রতাক লৈ তীব্ৰ ভাষাৰে সমালোচনা কৰে গোহাঁয়ে।

তেওঁ জনোৱা মতে,নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি বিজেপিৰ লগত মিত্রতা ভংগ কৰা অগপে ক্ষমতাৰ লালসাত পুনৰ বিজেপিৰ লগত হাত মিলাইছে। এইটোৱে অগপ দলৰ দুমুখীয়া চৰিত্র প্ৰকাশ কৰিছে।

লগতে তেওঁলোকৰ এই কাৰ্যই অসমৰ ৰাইজৰ উপৰি অগপৰ কৰ্মীসকলকো ক্ষুব্ধ কৰিব। ইয়াৰ বাবে অসমৰ ৰাইজে অগপক কেতিয়াও ক্ষমা নকৰিব বুলিও তেওঁ মন্তব্য আগবঢ়ায়। আজিৰ এই অনুষ্ঠানত মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তৰ লগতে উদয়াদিত্য ভৰালী আৰু সাংবাদিক হাইদৰ হুছেইন উপস্হিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।