বৰপেটাৰ বৃহত্তৰ আমৃখোৱাত ৪১ তম ৰাজহুৱা সভা মহোৎসৱ

 01/20/2023 - 19:37
 
 
 সৰুক্ষেত্ৰিঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ আমৃখোৱাত, ঐতিহাসিক ৰাজহুৱা সভা মহোৎসৱক লৈ উখল-মাখল পৰিৱেশ। এইবেলি আমৃখোৱা ৰাজহুৱা সভা মহোৎসৱে এটা এটাকৈ ৪১টা বৰ্ষ আতিক্ৰম কৰিব। সভা মহোৎসৱখনৰ বাকৰিত বিভিন্ন ধৰণৰ ভিন্ন ভিন্ন বিপনিৰ লগতে বহু জনগনৰ সমাগমেৰে এক আনন্দময় পৰিৱেশ দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে বৰ্তমান সময়ত এনেকুৱা বিভিন্ন ধৰণৰ পৰম্পৰাগত অনুষ্ঠানবোৰে আমাৰ ঐতিহ্য আৰু সংস্কৃতিৰ মৰ্য্যদা বজাই ৰখাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। লগতে চুবুৰিয়া গাঁও তথা বিভিন্ন সমাজৰ লগত জাতি-ধৰ্ম-বৰ্ণ-ভাষা-নিৰ্বিশেষে একতাৰ এনাজৰী ডাল আৰু অধিক মজবুত কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। লগতে সভা মহোৎসৱখনৰ উদ্যোক্তা সকলে, সভাত আমন্ত্রিত থিয়েটাৰৰ লগতে প্ৰবাসী আমৃখোৱা বাসীক এই সভামহোৎসৱৰ ঐতিহ্য মৰ্য্যদা বচাই ৰাখি সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়।
 
       
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।