বিলাসীপাৰাৰ হেলাগাড়ীত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ১০৩ বৰ্ষীয় অধিৱেশন অনুষ্ঠিত

 01/21/2023 - 14:13
 
 
বিলাসীপাৰাঃ বিলাসীপাৰাৰ হেলাগাড়ীত অনুষ্ঠিত হয় অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ১০৩ বৰ্ষীয় অধিৱেশন। ২০,২১ আৰু ২২ জানুৱাৰী তিনিদিনীয়াকৈ বৰ্ণাঢ্যৰ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন। আজি দ্বিতীয় দিনা পুৱাৰে পৰা শ্বহীদ বেদীত মাল্য অৰ্পন, শিৱৰ পূজন, ১০৩ খন পতাকা উত্তোলন কৰি আদি বিভিন্ন কাৰ্যসূচী আৰম্ভণি হয়। এই অধিৱেশনত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিষয়ববীয়া উপস্থিত হৈছে। যোৱা কালি এই অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীসহ কেইবাগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত হ'ব বুলি জানিব পৰা গৈছে। এই অধিবেশন স্থলীৰ পৰা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ বিষয়ববীয়াসকলে কমতাপুৰ পৃথক ৰাজ্যৰ গঠনৰ তীব্ৰ বিৰোধিতা কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।