চাপৰৰ গান্ধী ময়দানত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত

 01/21/2023 - 14:48
 
 
 
সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশন আজিৰ পৰা অনুষ্ঠিত হৈছে চাপৰৰ গান্ধী ময়দানত। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন।
 
ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পন কৰাৰ লগতে প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহ আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰে। আজি ধুবুৰী জিলা সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব আৰু অহাকালি মুকলি সভাত উপস্থিত হ'ব আছু কেন্দ্ৰীয় নেতৃ বৰ্গ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।