শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৱ-নলবাৰী আঞ্চলিক শাখাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশন

 01/22/2023 - 17:26
 
 
 
 
বাহাৰঘাটঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৱ-নলবাৰী আঞ্চলিক শাখাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিবেশন ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়াকৈ সানেকুছি গাঁও গয়ৰহ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে৷ সানেকুছি প্ৰাথমিক শাখাৰ সৌজন্যত আৰু সানেকুছি গাঁওবাসীৰ সহযোগত অনুষ্ঠিত উক্ত বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা উলিওৱা ভাগৱত শোভাযাত্ৰাই ৰাইজক মোহিত কৰে৷ দ্বিতীয় বৈকুণ্ঠপুৰিলৈ ৰূপায়িত হৈছে সানেকুছি অঞ্চল৷ শোভাযাত্ৰাৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৱ নলবাৰী আঞ্চলিক শাখাৰ নৱনিৰ্বাচিত সভাপতি নিৰঞ্জন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ সাহিত্য সম্পাদক মৃগেন কলিতাই উদ্বোধন কৰে৷ সভাত মুখ্য অতিথি হিচাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক মণিৰাম দাসৰ লগতে অন্যান্য কেইবাজনো বিশিষ্ট লোকে ক্ৰমে বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তা আৰু আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে৷ মুকলি সভাৰ অন্তত ধ্বজা অৱতৰণৰ পিচতে মহিলা থিয়নামৰে ৰাইজক আকৃষ্ট কৰে৷ ইয়াৰ আগতে পহিলাদিনা পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, মুখ্যদ্বাৰ উন্মোচন, মহিলাৰ নাম, আবেলি পূৱনলবাৰী আঞ্চলিক সমিতিৰ কাৰ্য্যনিৰ্বাহ সভা, সন্ধিয়া প্ৰতিনিধি শিবিৰ মুকলি, প্ৰতিনিধি সভা অনুষ্ঠিত কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।