নৃত্য-গীতে মুখৰিত জামুগুৰিহাটৰ দীপোটোলা

 01/22/2023 - 18:05
 
 
জামুগুৰিহাটঃ কুৰিটাৰো অধিক টুচু দলৰ নৃত্য-গীতে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ দীপাতোলা অঞ্চল। পূৱ বৰভগীয়া আদিবাসী উন্নয়ন সুৰক্ষা সমিতিৰ উদ্যোগত দীপাটোলা খেলা পথাৰত আঞ্চলিক ভিত্তিত অনুষ্ঠিত কৰা টুচু নৃত্য প্ৰতিযোগিতাত আজি জামুগুৰিহাটৰ কুৰিটাৰো অধিক টুচু দলে অংশ গ্ৰহণ কৰে। পূব বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি নিত্যানন্দ দাসে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনিত এটি এটিকৈ বৃত্তাকাৰ খেলাপথাৰত প্ৰবেশ কৰা কুৰিটাকৈ টুচু দলে প্ৰায় দুইঘন্টাৰো অধিক সময় টুচু নৃত্য প্ৰদৰ্শন কৰে। অসমীয়া, গোৰ্খা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ বসতিস্থল দীপাটোলাত অনুষ্ঠিত কৰা এই টুচু প্ৰতিযোগিতাত সহস্ৰাধিক লোক উপস্থিত আছিল । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাইয়ো পুৱাই প্ৰতিযোগিতা স্থলীত উপস্থিত হৈ উদোক্তাসকলক অভিনন্দন জ্ঞাপন কৰে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।