বাইহাটা চাৰিআলি আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ চোৰ

 01/22/2023 - 19:36
 
 
 
বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলি অঞ্চলৰ দোকান সমুহত চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা দুই দুৰ্ধৰ্ষ চোৰ খনিন্দ্ৰ ডেকা আৰু জনাৰ্দন ডেকা। দুয়োজনে বাইহাটা চাৰিআলিৰ সমীপবৰ্তী সাজেই দগাও চ'কত থকা দোকান সমুহত চুৰি কৰি সামগ্ৰী সমূহ ৰাখিছিল নিজৰ ঘৰত। বাইহাটা চাৰিআলি আৰক্ষীয়ে চুৰি কৰা খবৰ লাভ কৰাৰ পিচতে গাঁওৰক্ষী বাহিনীৰ সহযোগত দুয়ো চোৰক আটক কৰাৰ লগতে চুৰি কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান দুই দুধৰ্ষ চোৰ ৰঙা ঘৰৰ আলহী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।