সনাতনী হিন্দু সংস্কৃতিৰ অমিয়া প্ৰৱাহ নগৰবেৰাৰ মন্দিৰাত

 01/23/2023 - 13:17
 
 
 
নগৰবেৰাঃ কামৰূপৰ নগৰবেৰাৰ মন্দিৰা গোৰ্খা সমাজৰ বিশ্ব শান্তি তথা মানৱ কল্যাণৰ অৰ্থে সপ্তাহজোৰা শ্ৰী শ্ৰী মদ ভাগৱত মহাপুৰাণ আৰু জ্ঞান মহাযজ্ঞ৷ মন্দিৰা গাঁৱৰ শিৱমন্দিৰ প্ৰাংগণত বিশ্ব শান্তি তথা মানৱ কল্যাণৰ অৰ্থে, সমাজত বিৰাজমান অপশক্তিৰ বিনাশ, বিশ্বত্ৰাস সৃষ্টিকাৰী মহামাৰীৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰা আৰু যুৱ প্ৰজন্মক সনাতনী হিন্দু ধৰ্ম-সংস্কৃতিৰ জ্ঞান প্ৰদানৰ লক্ষ্যেৰে পৰম আৰাধ্য পৰমেশ্বৰ শ্ৰী শ্ৰী কৃষ্ণ মহাপ্ৰভুৰ আশীষ পোৱাৰ উদ্দেশ্যেৰে ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰী পৰ্যন্ত সপ্তাহদিনীয়া বৰ্ণাঢ্য তথা ধৰ্মীয় কাৰ্যসূচীৰে শ্ৰীমদ্ ভাগৱত মহাপুৰাণ কাৰ্যসূচীৰ আজি অন্তিম দিনটোত অঞ্চলজুৰি উৎসৱমুখৰ পৰিৱেশ৷ আমন্ত্ৰিত পণ্ডিত গণে সকলোকে মন্ত্ৰমুগ্ধ গায়নশৈলীৰে মোহাচ্ছন্ন কৰাৰ উপৰি এক ভক্তি গদগদ পৰিৱেশ সঞ্চাৰিত কৰে৷
 
হৰিনামৰ ধ্বনি আৰু ভাগৱতৰ সাৱলীল শ্ৰুতিমধুৰ সাংগীতিক ছন্দোবদ্ধ পণ্ডিত সৱৰ উপস্থাপনত ৰাধা-ৰাধা ধ্বনিত মুখৰিত হয় অঞ্চলটোৰ আকাশ-বতাহ স্মৰ্তৱ্য যে দক্ষিণ কামৰূপ জিলা গোৰ্খা সমাজে পোনপ্ৰথমে বাৰৰ বাবে আয়োজিত এই মহাযজ্ঞৰ সপ্তাহদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনটোত পুৱাৰে পৰা কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে৷ দেওবাৰৰ সন্ধিয়া ভাগত মাংগলিক স্বস্তিকাৰ আৰ্হিত ভক্তপ্ৰাণ ৰাইজে একলাখ বন্তি প্ৰজ্বলন কৰে৷ আয়োজনৰ প্ৰতিটো দিনৰ কাৰ্যসূচীত আয়োজক সমিতিৰ অভ্যাগত আপ্যায়ন, শৃঙ্খলাবদ্ধতা আৰু উৎসৰ্গীকৃত সেৱাব্ৰতী মানসিকতা আছিল উদযাপনৰ ব্যতিক্ৰমী বৈশিষ্ট্য৷ মুঠতে সপ্তাহদিনীয়া কাৰ্যসূচী ভাগক লৈ অঞ্চলজুৰি পৰিলক্ষিত হয় এক বিশেষ দ্বিতীয় বৈকুণ্ঠধামৰ পৰিৱেশ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।