লিডুত দিশাৰীৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

 01/23/2023 - 15:07
 
 
 
 
মাৰ্ঘেৰিটাঃ আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ তম জন্মজয়ন্তী তথা পৰাক্ৰম দিৱস। তাৰ প্ৰতি সংগতি ৰাখি লিডুত দিশাৰী স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত দেওবাৰৰ পৰা দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে নেতাজী জন্ম দিৱস পালন কৰা হয়। দেওবাৰৰ প্ৰথম কাৰ্যসূচী অনুসৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে চিত্ৰাঙ্কন প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। আজিৰ নেতাজীৰ জন্মজয়ন্তী হিচাপে পুৱা লিডুৰ নেতাজী পাৰ্কত নেতাজীৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত জাতীয় পতাকা উত্তোলন কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বীৰ যোদ্ধাক স্মৰণ কৰা হয়। ইয়াৰ পিছত দিশাৰীৰ উদ্যোগত লিডু ৰেলৱে ৰঙ্গমঞ্চৰ পৰা এক বৃহৎ শোভাযাত্ৰা উলাই সমগ্ৰ লিডু পৰিভ্ৰমণ কৰে, যত অঞ্চলটোৰ এহেজাৰো অধিক বিভিন্ন স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে বিভিন্ন জনগোষ্ঠীয় পোছাকেৰে সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত ১২:০৫ বজাত লিডু নেতাজী পাৰ্কত উলুধ্বনী আৰু শঙ্খবাদনৰে দেশৰ এই বীৰ সন্তানৰ জন্মলগ্ন ঘোষণা কৰা হয়। পৰবৰ্তী কাৰ্যসূচী হিচাপে ছাত্ৰ ছাত্ৰীৰ মাজত দেশভক্তি গান, নৃত্য আৰু কুইজৰ আয়োজন কৰা হয়। ইয়াৰ পিছত মুকলি সভাৰ আয়োজন হয়। সন্ধিয়া দেশভক্তিমুলক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।