নিৰ্ধাৰিত সময়ত প্ৰকাশ পাবই লাগিব এনআৰচিৰ চূড়ান্ত তালিকা

 03/15/2019 - 13:02

গুৱাহাটী: ৩১ জুলাইৰ ভিতৰত প্ৰকাশ পাব লাগিব এনআৰচিৰ চূড়ান্ত তালিকা। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। প্ৰ্ৰাপ্ত খবৰ অনুসৰি, আগন্ত্তক লোকসভা নিৰ্বাচনৰ পিছতেই অতিৰিক্ত কৰ্মচাৰী নিযুক্তি দি হ'লেও ৩১ জুলাইৰ ভিতৰত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিবলৈ জাননী জাৰি কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে।

কোনো কাৰণতেই নাগৰিকপঞ্জীৰ তালিকা প্ৰকাশৰ দিন বৃদ্ধি কৰা নহ'ব বুলিও ন্যায়ালয়ে স্পষ্ট মত প্ৰকাশ কৰে। লগতে ন্যায়ালয়ে জনাই যে, তেওঁলোকে নাগৰিকপঞ্জী উন্নীতকৰণৰ কামসমূহ নিৰীক্ষণ কৰি আছে আৰু প্ৰতি মাহে ইয়াৰ অগ্ৰগতিৰ বুজ ল'ব।

সেয়ে ১০ এপ্ৰিলত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখ্য যে,ভোটাৰ তালিকাত নাম থকা কিন্ত্ত নাগৰিকপঞ্জীৰ তালিকাত নাম নথকা লোকসকলেও আগন্ত্তক লোকসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।