বৰভাগৰ আঠঘৰিয়াত নাট্যপ্ৰয়াস কালচাৰেল অৰগেনাইজেছনৰ উদ্যোগত তৃতীয় বাৰ্ষিক শিশু নাট্য উৎসৱ

 03/28/2023 - 14:25
 
 
 
 
বৰভাগৰ আঠঘৰিয়াত নাট্যপ্ৰয়াস কালচাৰেল অৰগেনাইজেছনৰ উদ্যোগত তৃতীয় বাৰ্ষিক শিশু নাট্য উৎসৱ৷ বিশ্ব নাট্য উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত নাট্য উৎসৱত তিনিখন বিণ্ন স্বাদৰ আটকধুনীয়া নাটে মুহিলে শহস্ৰাধিক দৰ্শকক৷ সোমবাৰে পুৱাই বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি চৌধুৰীয়ে পতাকা উত্তোলনৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পিচত সন্ধিয়া বন্তি প্ৰজ্বলনৰে নাট্য উৎসৱ উদ্বোধন কৰে অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ উপাধ্যক্ষ ড০ আলোক্ষ্য বৰুৱাই, মঞ্চ উদ্বোধন কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ ডেকাই, নাট্যক্ষেত্ৰ উন্মোচন কৰে প্ৰাক্তন ছাত্ৰনেতা ভূপেন তালুকদাৰে৷ ইয়াৰ উপৰিও অঞ্চলৰ কেইবাজনো বিশিষ্ট লোক অতিথি হিচাবে উপস্থিত থাকে৷ তিনিখন নাট ক্ৰমে ’আহা আমি নাটক কৰো’, প্ৰহেলিকা আৰু চেং মনৰ বিহুৰ কন কন শিশুৰ অভিনয়ত আপ্লুত দৰ্শক৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।