গাড়ীত PRESSলিখা থাকিলেও কামত নিদিবঃ টোলগেটত এইবাৰ সাংবাদিকেও দিব লাগিব ধন...

 10/31/2023 - 22:29
টোলগেটত এইবাৰ সাংবাদিকেও দিব লাগিব ধন

ডিজিটেল ডেস্কঃ টোলগেটত এতিয়া সাংবাদিকেও দিব লাগিব ধন। পূৰ্বে সাংবাদিক অথবা সংবাদমাধ্যমৰ সৈতে জড়িত বহু লোকে পৰিচয় পত্ৰ দেখাই টোলগেট মাচুলৰ পৰা ৰেহাই পাইছিল যদিও এতিয়া সেই ব্যৱস্থা বন্ধ হব। গুৱাহাটীত উপস্থিত হৈ খোদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰি গল এই ঘোষণা।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাষত বহুৱাই কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্পষ্ট কৰিলে এই তথ্য। টোলগেটত কোনো সংবাদিক বা সংবাদকৰ্মীয়ে ৰেহাই নাপায় বুলি স্পষ্টৰূপত ঘোষণা কৰি গল পৰিবহন মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে এই বিষয়ক লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰো পৰিলক্ষিত হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰা উদ্দেশ্যৰে গুৱাহাটীত উপস্থিত হৈছিল কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী। চৰকাৰী কাৰ্যসূচীতে অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সপৰিয়ালে কামাখ্যা দৰ্শন কৰি এদিনৰ পূৰ্বে সেৱাও লৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।