দুটা নহয়ঃ তিনিটা চেনেলক বয়কট কৰিব বিৰোধীয়ে!

 11/01/2023 - 22:03

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয়ভাৱে সমগ্ৰ দেশতে বিৰোধী ঐক্য মঞ্চ 'ইণ্ডিয়া'ই কেইগৰাকীমান বিশেষ সাংবাদিকৰ অনুষ্ঠান বয়কট কৰাৰ পাছতে এইবোৰ অসমতো বিৰোধী ঐক্যই দুটা চেনেলক বয়কট কৰাৰ সিদ্ধান্ত লৈছে। এতিয়ালৈকে বিৰোধ ঐক্যৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই ঘোষণা কৰা হোৱা নাই যদিও কংগ্ৰেছ সভাপতি ভূপেন বৰাই পোনপতীয়াকৈ এটা বিশেষ চেনেলৰ নাম স্পষ্টভাৱে ঘোষণা কৰাৰ পাছতে এতিয়া এই বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এতিয়া সকলোৰে মাজত প্ৰশ্নৰ উত্থাপন হব পাৰে যে, এই চেনেল দুটা কি! ইতিমধ্যে ভূপেন বৰাই এটা চেটেলাইট চেনেলৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছে। সেই চেনেলটোৰ নাম হৈছে নিউজ লাইভ। বিৰোধী শক্তিক বাৰে বাৰে নস্যাত কৰি বিৰোধীৰ শক্তি আৰু প্ৰভাৱক অপমান কৰাৰ অভিযোগ কৰি ভূপেন বৰাই এই চেনেলটোৰ নাম উল্লেখ কৰে। নিউজ লাইভৰ বাহিৰে বিৰোধী ঐক্য মঞ্চই বয়কট কৰিবলৈ সিদ্ধান্ত লোৱা আনটো চেনেল কোনটো!

এতিয়ালৈকে বিৰোধীয়ে বয়কট কৰিব লগা আনটো চেনেলৰ নাম উল্লেখ কৰা নাই যদিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোনটো চেনেল হব পাৰে তাৰ উমান দিছে। ভূপেন বৰাই সংবাদমাধ্যমৰ আগত কোৱা কথাখিনি হৈছে- আমি বয়কট কৰিবলগীয়া আনটো চেনেলৰ সম্পাদকগৰাকী অতিপাত বিজেপি। তেও বিজেপিৰ হৈ তেজপুৰৰ পৰা নিৰ্বাচন খেলিবলৈ বিচাৰি আছে। গতিকে তেও বিজেপি এগৰাকী এজেন্ট হিচাপে বিভিন্ন সংবাদ একপক্ষীয়ভাৱে তেওৰ চেনেলটোত সম্প্ৰচাৰ কৰি আছে। সেয়েহে আমি এতিয়ালৈকে এই চেনেলটোকো বয়কট কৰাৰ কথা ভাৱিছো।' অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই বিষয়টোক লৈ চূড়ান্ত সিদ্ধান্ত আগন্তুক বৈঠকত গ্ৰহণ কৰা হব বুলি মতপোষণ কৰে।

ভূপেন বৰাৰ কথাত এটা দিশ স্পষ্ট হয় যে, বিৰোধী ঐক্যই বয়কট কৰিবলগা দ্বিতীয়টো চেনেল কোনটো। কোনটো চেনেলৰ মুখ্য সম্পাদকগৰাকী তেজপুৰত আচল ঘৰ, সেই কথা বিচাৰ কৰিলেই এই ইংগিতৰ স্পষ্টৰূপ প্ৰতিফলিত হয়। কিন্তু ৰাইজ দোমোজাত থকাৰ মাজতে অখিল গগৈয়ে শেহতীয়াকৈ এখন সংবাদমেলত কৰা ঘোষণাই পুনৰ এবাৰ দোমোজাৰ মাজলৈ ঠেলি দিছে ৰাইজক।

বিধায়ক অখিল গগৈয়ে ঘোষণা কৰা অনুসৰি বিৰোধী ঐক্যই বয়কট কৰিবলগীয়া চেনেল দুটা মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন চেনেল। বাকী কোনো চেনেলক বয়কট কৰা সিদ্ধান্ত বিৰোধীয়ে লোৱা নাই বুলি কয় অখিল গগৈয়ে। এতিয়া কথা হল, বিৰোধীয়ে যদি মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন চেনেল দুটাকহে বয়কট কৰাৰ সিদ্ধান্ত লৈছে, তেন্তে আনটো চেনেল হব ইংৰাজী মাধ্যমৰ। কিন্তু ভূপেন বৰাই ইয়াৰ আগতে প্ৰদান কৰা মন্তব্য আৰু অখিল গগৈয়ে এই বিষয়টোক লৈ প্ৰদান কৰা মন্তব্যৰ মাজত পাৰ্থক্য আছে।

এতিয়া অখিল গগৈ আৰু ভূপেন বৰাৰ মন্তব্যলৈ লক্ষ্য ৰাখি সামাজিক মাধ্যমত চৰ্চা হৈছে যে, বিৰোধীয়ে বয়কট কৰিবলগীয়া চেনেলৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। অসমীয়া, ইংৰাজী মাধ্যমৰ সকলো চেনেল মিলাই মুঠ ৩টা চেনেল বিৰোধীয়ে বয়কট কৰিব পাৰে বুলিও চৰ্চা হৈছে। এতিয়া সময়েহে কব বিৰোধীয়ে আগন্তুক সভাত কি সিদ্ধান্ত গ্ৰহণ কৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।