এমাহত ১কোটিৰ দৰমহাঃ জানি থও আহক, সৰ্বাধিক দৰমহা পোৱা দেশৰ ৫গৰাকী সংবাদিকক...

 11/16/2023 - 15:25

ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। অতি প্ৰত্যাহ্বানমূলক এই যাত্ৰাটোৰ সৈতে সংপিক্ত হৈ কাম কৰি থকা সকলোৰে বাবে আজিৰ এই দিনটো বিশেষ। আজিৰ দিনটোত হয়তো আলোচনা হব সাংবাদিক আৰু সংবাদসেৱাৰ সৈতে জড়িত ব্যক্তিসকলৰ অসুবিধা আৰু তেওলোকে কাম কৰাৰ সীমাৱদ্ধতাৰ বিষয়ে। কিন্তু আজিৰ এই দিনটোতে জানি থও আহকচোন দেশৰ সৰ্বাধিক দৰমহা পোৱা কেইগৰাকীমান সাংবাদিকৰ বিষয়ে।

১. মাহিলী নাইবা বাৰ্ষিক সৰ্বাধিক দৰমহা পোৱা বা ধন উপাৰ্জন কৰা তালিকাখনৰ একেবাৰে শীৰ্ষত আছে এগৰাকী অসমীয়া। তেও হৈছে অৰ্ণৱ গোস্বামী। Republic TVৰ প্ৰতিষ্ঠাপক তথা সম্পাদক অৰ্ণৱ গোস্বামীৰ ব্যক্তিগত বাৰ্ষিক উপাৰ্জন ১২ কোটি। অৰ্থাত এমাহত ১কোটি।

২. তালিকাৰ দ্বিতীয়ত আছে এগৰাকী মহিলা সাংবাদিক। তেও হৈছে অঞ্জনা ওম কাশ্যপ। বাৰ্ষিক ৭কোটি টকাৰ দৰমহা লয় এই আগশাৰীৰ মহিলা সংবাদিকগৰাকীয়ে।

৩. দেশৰ জ্যেষ্ঠ সাংবাদিক তথা এংকৰ ৰাজদ্বীপ চৰদেশাই এই তালিকাত আছে তৃতীয় স্থানত। বাৰ্ষিক প্ৰায় ৫কোটিৰ দৰমহা পায় ৰাজদ্বীপে। ৰাজনীতিক আৰু সামাজিক বিষয়ক আলোচনাচক্ৰৰ বাবে সিদ্ধগ্ৰস্থ বুলি ধৰা হয় এই সাংবাদিকগৰাকীক।

৪. ফীলান্স সাংবাদিকতা কৰি বছৰি ৪কোটি টকা উপাৰ্জন কৰি আছে এগৰাকী মহিলা সাংবাদিকে। তেও হৈছে বৰ্ষা দত্ত। ফীলান্স সাংবাদিকতাৰ জৰিয়তে বছৰি ৪কোটি টকা উপাৰ্জন কৰা মহিলা সাংবাদিকসকলৰ ভিতৰত বৰ্ষা দত্ত অন্যতম।

৫. সুধীৰ চৌধুৰী হৈছে এই তালিকাৰ পঞ্চম স্থানত থকা সাংবাদিক। এংকৰিঙৰ লগতে বহুকেইটা গুৰু গম্ভীৰ ৰিৰ্পটিঙৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জা সুধীৰ চৌধুৰীয়ে বছৰি লাভ কৰে ৩কোটি টকা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।