ওস্তাদৰ খেল সদায় শেষ নিশাঃ যি কৈছিল সেয়াই কৰিলে কেংগাৰু বাহিনীয়ে...

 11/19/2023 - 23:24

ডিজিটেল ডেস্কঃ ২০০৩ৰ পুণৰাবৃত্তি। বিশ্বকাপ-২০২৩ নিজৰ দখলত ৰাখিব নোৱাৰিলে ভাৰতে। চলিত বিশ্বকাপৰ প্ৰতিখন খেলতেই চমকপদ জয়েৰে আগবঢ়া টীম ইণ্ডিয়া ফাইনেল মেচত কেংগাৰু বাহিনীৰ হাতত পৰাজয় বৰণ কৰিলে। এয়া ভাৰতবাসীৰ বাবে বৰ বেদনাদায়ক সময়। ৰোহিত শৰ্মাৰ নেতৃত্বত ফুল ফৰ্মত থকা টীম ইণ্ডিয়াই এইবাৰ বিশ্বকাপৰ খিতাপ অৰ্জন কৰিব বুলি সকলো গভীৰ আশাৰে বাট আছিল যদিও অৱশেষত এই আশাত চেচাপানী পৰিল।

৬বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা টীম অষ্ট্ৰেলিয়াৰ কেপ্তেইন পেট কামিন্সে শনিবাৰে সংবাদমেলত কৈছিল এটা বিশেষ কথা। এই কথাটো শেহতীয়াকৈ চৰ্চালৈ আহিছে।  অষ্ট্ৰেলিয়াৰ অধিনায়কে যি কৈছিল সেয়া কৰি দেখুৱালে। শনিবাৰে সংবাদমেলত কেংগেৰু বাহিনীৰ অধিনায়ক পেট কামিন্সে কৈছিল, ''ফাইনেলৰ দিনটোত ষ্টেডিয়ামত বহি থকা ভাৰতীয় দলৰ ১লাখ ৩০ হাজাৰ সমৰ্থকক চমকপ্ৰদ প্ৰদৰ্শনেৰে বাকৰুদ্ধ কৰি ৰখাটোৱেই আমাৰ লক্ষ্য। লক্ষাধিক ভাৰতীয় সমৰ্থকক ভাৰতৰ মাটিতেই বাকৰুদ্ধ কৰি ৰাখিব পৰাৰ সন্তুষ্টিয়েই সুকীয়া।’’ 

এতিয়া বহু নেটিজেনে কৈছে যে,  ক্ৰিকেটৰ ক্ষেত্ৰত ওস্তাদ অষ্ট্ৰেলিয়াই অধিকাংশ সময়তে সেয়াই হাতে-কামে কৰি দেখুৱাই আহিছে। এইবাৰৰ বিশ্বকাপতো তাৰ ব্যতিক্ৰম নহ’ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।