১০০শতাংশই নিমিলিলঃ জ্যোতিষীয়ে কৈছিল- এইবাৰ বিশ্বকাপৰ ফাইনেলত ভাৰতেই জিকিব...

 11/20/2023 - 00:13

ডিজিটেল ডেস্কঃ খেলত জ্যোতিষ শাস্ত্ৰৰ কাম নাই! সেই কথাকে যেন প্ৰমাণ কৰিলে বিশ্বকাপ-২০২৩ৰ ফাইনেলে। বিশ্বকাপৰ ফাইনেল মেচ অনুষ্ঠিত হোৱাৰ প্ৰায় ২৪ঘন্টাৰ আগত জ্যোতিষীয়ে ভৱিষ্যতদ্বাণী কৰিছিল যে, এইবাৰ বিশ্বকাপ ভাৰতৰ হাতৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। জ্যোতিষ শাস্ত্ৰৰ মতে, ভাৰতীয় ক্ৰিকেটাৰসকলৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান অধিক শক্তিশালী বুলি কোৱা হৈছিল।

ইফালে অধিনায়ক ৰোহিত শৰ্মাক লৈ জ্যোতিষীয়ে কৈছিল যে, ৰোহিত শৰ্মাৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান বহুখিনি ২০১১ৰ বিশ্বকাপৰ মহেন্দ্ৰ সিং ধোনীৰ লেখীয়া। সেয়েহে এইবাৰ আহমেদাবাদত টীম ইণ্ডিয়াৰ জয় নিশ্চিত। শুভমন গীল, কে এল ৰাহুল, বিৰাট কোহলীৰো শুক্ৰ, ইউৰেনাছ আৰু নেপচুনৰ অৱস্থান শক্তিশালী বুলি জ্যোতিষীয়ে কৈছিল।

ইফালে অষ্ট্ৰেলিয়াৰ অধিনায়কৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান ভাৰতৰ ৰোহিত শৰ্মাতকৈ কমজোৰ বুলি জ্যোতিষীয়ে কৈছিল। কিন্তু বাস্তৱত সেয়া হৈ নুঠিল। ফাইনেল মেচত টীম ইণ্ডিয়াৰ কোনেও চমকপদ খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে। সেয়েহে এতিয়া বহুতে খেলত জ্যোতিষ শাস্ত্ৰৰ কাম নাই বুলি ক্ষোভেৰে ছচিয়েল মিডিয়াত পোষ্ট লিখিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।