খেল চাই ইমান টেনচন ল’ব লাগে বুলি আজিহে বুজিলে অখিল গগৈয়ে...

 11/20/2023 - 01:09

ডিজিটেল ডেস্কঃ বিশ্বকাপত ভাৰতে ফাইনেল খেলিব! সেইবুলিয়ে জীৱনত প্ৰথমবাৰ ক্ৰিকেট খেল চাইছিল বিধায়ক অখিল গগৈয়ে। টিভিটো অন কৰি ফাইনেল মেচ উপভোগ কৰি থকাৰ সময়তে ফেচবুকত পোষ্ট দিলে গগৈয়ে। ফেচবুকত গগৈয়ে লিখিলে- ''জীৱনত প্ৰথমখন ক্ৰিকেট মেচ চাই আছোঁ। ভয় ভয় লাগিছে। আশাকৰো টিম ইণ্ডিয়াই ধৈৰ্যৰে খেলি আজি বিশ্ব জয় কৰিব।''

প্ৰতিগৰাকী ভাৰতীয়ৰ আশাত চেচাপানী পৰাৰ সমান্তৰালভাৱে অখিল গগৈৰো আশাত চেচাপানী পৰিল। টীম ইণ্ডিয়াক পৰাভূত কৰি অষ্ট্ৰেলিয়াই লৈ গ'ল বিশ্বকাপৰ ট্ৰফী। খেল শেষ হোৱাৰ পাছতে অখিল গগৈয়ে পুনৰ ফেচবুকত লিখিলে এনেদৰে- ''বহুত দুখ পালোঁ।খেল চাই ইমান টেনচন ল’ব লাগে বুলি এইবাৰহে বুজিলো দেই। বুকুৰ বিষ এতিয়াও শেষ হোৱা নাই।''

অখিল গগৈৰ এনে দুখৰ দৰেই এতিয়া কোটি কোটি ভাৰতীয়ৰ একেই দুখ। ২০২৩ৰ বিশ্বকাপত এখনো খেলত পৰাজয়বৰণ নকৰা ভাৰতে এনেদৰে বিশ্বকাপত পৰাভূত হব বুলি হয়তো কোনেও কল্পনাই কৰা নাছিল। সেয়েহে যি নহলেও বিষাদৰ এই সময়ত প্ৰতিগৰাকী ভাৰতীয় থিয় দিছে টীম ইণ্ডিয়াৰ কাষত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।