দৰমহা ভাল! দেৰি নকৰি আবেদন কৰিব পাৰে...

 11/22/2023 - 15:08

ডিজিটেল ডেস্কঃ চাকৰি বিচাৰি থকা সকলৰ বাবে এটা খুবেই ভাল খবৰ। দেশৰ অতি নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান টাটা কোম্পানীত ওলাইছে সহস্ৰাধিক চাকৰি। প্ৰায় ৩হাজাৰ পদৰ বাবে অচিৰেই নিযুক্তি প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিব প্ৰতিষ্ঠানটোৱে। প্ৰতিষ্ঠানটোৱে যোৱা মঙলবাৰে সদৰি কৰা তথ্য অনুসৰি ৩হাজাৰ ভিন্ন পদৰ বাবে অচিৰেই পৰীক্ষা অনুষ্ঠিত কৰা হব দেশৰ ভিন্ন প্ৰান্তত।

সদৰি কৰা তথ্য অনুসৰি,  ডাটা এনালাইটিক্স, চাইবাৰ চিকউৰিটী, প্ৰজেক্ট মেনেজমেন্ট, ডিজিটেল মাৰ্কেটিঙৰ দৰে ভিন্ন তথ্য-প্ৰযুক্তি বিষয়ত বিশেষ জ্ঞান থকা নৱপ্ৰজন্মৰ প্ৰতিনিধিক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হব। টাটা কোম্পানীৰ অন্তৰ্গত টাইটানত এই সকলো পদ খালী হৈ থকা বুলি সদৰি কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি টাটাই টাইটানত অহা বিত্তীয় বৰ্ষত ১হাজাৰ কোটি টকা বিনিয়োগৰ লক্ষ্যৰে এই পদসমূহ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, এই সমূহ পদৰ দৰমহা ৪০হাজাৰৰ পৰা ৭০হাজাৰ টকাৰ ভিতৰত প্ৰদান কৰা হব। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।