নাম বিভ্ৰাট...

 11/30/2023 - 19:21
নাম বিভ্ৰাট...
তফিকউদ্দিন আহমেদ
নাম বিভ্ৰাটৰ বাবে বাৰে বাৰে অসুবিধা পাইছো ৷ আজিৰ পৰা কেইবছৰমান আগতে জালুকবাৰীৰ তফিকউদ্দিন নামৰ চেটেলাইট চেনেল এটাৰ সংবাদদাতাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে গোচৰ তৰিছিল ৷ এই নিউজটো কেইবাটাও চেনেলে অকল সাংবাদিক তফিকউদ্দিন আহমেদ বুলি প্ৰচাৰ কৰিছিল৷ সাংবাদিকজনে কোনটো চেনেলত কাম কৰে ক’ত ঘৰ একো স্পষ্ট নকৰাত মই অসুবিধাৰ সন্মুখীন হওঁ ৷ বিভিন্নজনে এই বিষয়ে সুধি ব্যতিব্যস্ত কৰিছিল ৷ আজিও সেইজন সাংবাদিকে হাৱালাৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছে, কিন্ত বিভিন্নজনৰ ফ’ন মোলৈ আহিছে ৷ লকডাউনৰৰ সময়ত শীৰ্ষ আৰক্ষীয়ে পানী জাহাজত বিনোদন কৰা ভিজুৱেল এইজন সাংবাদিকে সংগ্ৰহ কৰি নিউজ কৰাৰ পৰা বিৰত আছিল, পাছত ফ’ন আহাছিল মোলৈ ৷

দুটা দশক সংবাদ সাহিত্যৰ লগত জড়িত হৈ আছো, দৈনিক কাকত সম্পাদনাৰ পৰা ডিজিটেল সংবাদ মাধ্যমলৈ এক দীঘলীয়া যাত্ৰা ৷ অসমৰ বিভিন্ন প্ৰান্তত শুভকাঙ্খী আছে, সাংবাদিক বুলি দুই চাৰিজনে চিনি পায় ৷ আজি হয়তো দুই চাৰিবছৰৰ ভিতৰত মোৰ নামৰ স’তে মিল থকা সাংবাদিক সংবাদ মাধ্যমত জড়িত হ’ল, তাত একো আপত্তি নাই কিন্ত এই নাম বিভ্ৰাটৰ পৰা অসুবিধা হৈছে ৷ নিউজ কৰিলে সম্পূৰ্ণ বিবৰণ দিব লাগে, চেনেলৰ নামসহ উল্লেখ কৰিব লাগে ৷ ডিজিটেল বা প’ৰ্টেলৰ সাংবাদিক হ’লে যিদৰে ৰঙা চিন মাৰে, চেটেলাইটৰ হ’লেও মাৰিব লাগে ৷ নহ’লে কোনো অখ্যাতৰ পৰা আন কোনোবা সমস্যা বা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ চেটেলাইট - প’ৰ্টেলৰ বিভাজনত কোনোবা হাৰাশাস্তি হ’বলগীয়া হয় !

আজিৰ পৰা কেইবছৰমান আগতে যোৰহাটৰ ফালৰ পৰা এজনে ফ’ন কৰি সুধিলে আপুনি তফিক হয়নে ! আপোনাৰ বিল্ডিঙৰ তলত আছো আপুনি নামি আহক, মই নামি গৈ দেখো কোনো নাই ৷ মানুহজন বিচাৰি নাপায় ফ’নতে ক’লো আপুনি ক’ত আছে আৰু মই  আপোনাক চিনি পোৱা নাই ৷ মানুহজনে মোৰ উত্তৰ শুনি গেৰগেৰাই উঠিল আৰু ক’লে আপুনি আমাৰ ঘৰত থাকি গৈছে লীনাৰ লগত, এতিয়া পাহৰিলে! মোৰ যেন মূৰত সৰগ ভাঙি পৰিল! ক’ত কেতিয়া মই লীনাৰ লগত তেওঁৰ ঘৰত থাকি আহিলো! পিছতহে  কলে, আপুনি অভিনেতা তফিকুৰ নহয় জানো! তেতিয়াহে মোৰ সম্বিত আহিল আৰু কলো ডাঙৰীয়া মই সাংবাদিক তফিক আহমেদহে !

এনেদৰে নামৰ বাবে বৰ আহুকালত পৰিছো৷ ফেচবুকত মোৰ নামৰ পিছত ঘৰত মতা নামটো সাঙুৰি দিছো ৷ তথাপিও এই নাম বিভ্ৰাটৰ পৰা মুক্ত হ’ব পৰা নাই !

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।