বেলেগৰ কথা বাদ! মুখ্যমন্ত্ৰীয়ে যেতিয়া মদ খাই ঘৰৰ পৰা খেদি দিয়ে সন্তানক...

 12/10/2023 - 18:10

ডিজিটেল ডেস্কঃ খোদ মুখ্যমন্ত্ৰীয়ে ঘৰত মদ খাই অভব্য আচৰণ কৰি নিজৰ সন্তানক খেদি দিয়ে ঘৰৰ পৰা। শুনিবলৈ কিছু আচৰিত যেন লাগিলেও  এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে খোদ মুখ্যমন্ত্ৰীৰ কন্যাই। মদ খাই মাতাল হৈ ঘৰত হুলস্থুল কৰি অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে বুলি অভিযোগ উত্থাপন কৰিলে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ কন্যা চিৰাট কৌৰে।

এটা ভিডিঅ যোগে এই অভিযোগ উত্থাপন কৰি চিৰাটে নিজৰ পিতৃক 'CM মান' বুলি সম্বোধন কৰি কয় যে, ''এনে এগৰাকী অভব্য ব্যৱহাৰ কৰা ব্যক্তি মুখ্যমন্ত্ৰীৰ দৰে আসনৰ বাবে উপযুক্ত নহয়। মানে মদ খাই মাতাল হৈ মোৰ ভাতৃ তথা তেওৰ পুত্ৰ দিলশ্বাহ সিঙক ঘৰৰ পৰা বাহিৰ কৰি দিছে।''

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ কন্যা চিৰাট কৌৰৰ এই অভিযোগৰ পাছতে এতিয়া পাঞ্জাৱৰ লগতে দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সততা আৰু আদৰ্শৰ ৰাজনীতিৰ কথা কোৱা আম আদমী দলৰ এয়া কেনে আদৰ্শ বুলিও বিৰোধীয়ে প্ৰশ্ন কৰিছে। অৱশ্যে এই সমগ্ৰ বিষয়ক লৈ ভগৱন্ত মান বা আপ দলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।