নাঙঠ হৈ হিমালয়ত কি কৰিছে অভিনেতা বিদ্যুত জামৱালে...

 12/10/2023 - 18:27

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে কেইখনমান বিশেষ ফটো। সেই ফটোকেইখন কি, তাক চাবলৈ আপোনালোকে ফেচবুকত Vidyut Jammwal বুলি টাইপ কৰি চাব পাৰিব। বলিউদৰ সুদৰ্শন অভিনেতাসকলৰ ভিতৰত অন্যতম বিদ্যুত জামৱালৰ কেইখনমান ফটোক লৈ এতিয়া চৰ্চা নেটিজেন সকলৰ মাজত। 

সম্পূৰ্ণ উলংগ হৈ থকা অভিনেতাজনৰ এই ফটোকেইখন নিজেই আপলোড কৰি অভিনেতা গৰাকীয়ে হিমালয়ত থকাৰ কথা সদৰি কৰিছে। অভিনেতাগৰাকীয়ে এই ফটোকেইখনৰ সৈতে লিখিছে কিছু কথা। তেও লিখিছে যে,-  ''হিমালয় হৈছে ঐশ্বৰিক বাসস্থান। প্ৰায় ১৪বছৰৰ আগৰ পৰাই মোৰ এটা বিশেষ অভ্যাস গঢ় লৈ উঠিছিল। সেই অভ্যাসটো হৈছে প্ৰতিবছৰে ৭-১০দিন মই অকলে কটাই আহিছো। বিলাসী আৰু আনন্দৰ জীৱনৰ পৰা অৰণ্যলৈ আহি, মই "মই কোন" সেই কথা গভীৰ ভাৱে উপলদ্ধি কৰিব পাৰো।''

অভিনেতাগৰাকীয়ে লগতে লিখিছে- ''এই দিনকেইটা মই যথেষ্ট আৰাম আৰু স্ফুৰ্টিৰে পাৰ কৰিছে। প্ৰকৃতিৰ সৈতে সুৰত সুৰ মিলাইছো। সুখ আৰু প্ৰেমৰ মাজত সৰ্ম্পক বিচাৰি পাইছো। '' 

উল্লেখ কৰা প্ৰয়োজন যে, এই ফটোকেইখনক লৈ একাংশ নেটিজেনে বিৰূপ মন্তব্য কৰাও পৰিৱলক্ষিত হৈছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।