নীলিম কুমাৰৰ গেৰাণ্টী...

 03/13/2024 - 12:38

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সামাজিক মাধ্যমত কবি নিলীম কুমাৰৰ এটা কবিতা খুবেই ভাইৰেল হৈ পৰিছে। সামাজিক কিছু পৰিৱেশৰ পটভূমিত ৰচনা কৰা এই কবিতাটো এনেধৰণৰ-

কলেজীয়া ছাত্ৰজনে দিয়ে

লগৰ ছোৱালীজনীক বিয়া কৰোৱাৰ গেৰাণ্টী ৷

ফলমূল , আাম- আঙুৰ বেচা বেপাৰীজনে দিয়ে
আম- আঙুৰ মিঠা হোৱাৰ গেৰাণ্টী ৷
কাপোৰৰ দোকানীয়ে দিয়ে _ কাপোৰৰ গেৰাণ্টী ৷
হাৰ্ডৱেৰৰ দোকানীয়ে দিয়ে _
লোহা - চিমেণ্টৰ গেৰান্টী ৷
বাতৰি কাকত আৰু টি .ভিৰ পৰ্দাত আমি
ৰাতিপুৱাৰে পৰা দেখো
গেৰাণ্টী কেবল গেৰাণ্টী ....
 
সেয়ে আমি দোকানলৈ বস্তু কিনিবলৈ গ’লে
দোকানীক সোধো _ 
“ গেৰাণ্টী আছে নে নাই ? “
দোকানীয়ে কয় _" আছে আছে ....
...পুৰা গেৰাণ্টী আছে .... "
 
’ গেৰাণ্টী ’ এটা ব্যৱসায় বাণিজ্যৰ শব্দ ৷
এই শব্দটো এতিয়া আপুনি
আমাকো দিছে যেতিয়া , এনে লাগে যেন আপোনাৰো
কিবা ব্যৱসায় আছে ! _ মোৰ ৰাজনৈতিক মনে
এনেকৈ ভাবিছে 
 
সাধাৰণ মানুহৰ কাৰণে ’গেৰাণ্টী ’এটা অতি প্ৰিয় শব্দ,
এই গেৰাণ্টীৰ আশ্বাসতে আমি আকৌ এবাৰ
ৰাজপাট খাবলৈ দিব লাগে নেকি আপোনাক
যিহেতু আপুনিও দিছে ব্যৱসায়ীৰ দৰে গেৰাণ্টী ....
 
কিন্তু যিয়ে ’গেৰাণ্টী পুৰণ কৰাৰো গেৰাণ্টী ’ দিয়ে
তাৰ সমান ভাল ব্যৱসায়ী আন কোনো নাই !
সেয়ে আপোনাক ’ গেৰাণ্টীৰ চৰ্দাৰ ’ বুলি
মাতিবৰ মন গৈছে _ 
চালাম হে গেৰাণ্টী চৰ্দাৰ , চালাম ....
 
কিন্তু আপুনি মোক দিব পাৰে কি গেৰাণ্টী ?
দিব পাৰিবনে —
এজনো ভাৰতবাসী লঘোণে নথকাৰ গেৰাণ্টী ?
দিব পাৰিবনে _ মূল্যবৃদ্ধি ৰোধৰ গেৰাণ্টী ?
নিবনুৱা সমস্যা সম্পূৰ্ণ দূৰ কৰাৰ গেৰাণ্টী ?
পাৰিবনে কৃষকৰ প্ৰাপ্য অধিকাৰৰ গেৰাণ্টী ?
দিব পাৰিবনে _ গণতন্ত্ৰ ৰক্ষাৰ গেৰাণ্টী ?
বাক স্বাধীনতা ৰক্ষাৰ গেৰাণ্টী ?
সংবিধান ৰক্ষাৰ গেৰাণ্টী ?
ধৰ্ম নিৰপেক্ষতাৰ গেৰাণ্টী ?
কওক কওক দিব পাৰিবনে _
কোনো মন্ত্ৰী - বিধায়কে দুৰ্নীতি নকৰাৰ গেৰাণ্টী ?
জানা ,আপুনি গেৰাণ্টী দিব পাৰিব হিন্দুত্ব ৰক্ষাৰ ,
কিন্তু কওক দিব পাৰিবনে _মানবতা ৰক্ষাৰ গেৰাণ্টী ?
দিব পাৰিবনে  _
ভাৰতবাসীৰ চকুলো মচি দিয়াৰ গেৰাণ্টী ?
 
কলেজীয়া ছাত্ৰজনে যেতিয়া
লগৰ ছোৱালীজনীক দিয়ে গেৰাণ্টী , তাত
কোনো ব্যৱসায় নাথাকে ,
তাত থাকে ভালপোৱাৰ আবেগ ৷
কিন্তু আপোনাৰ এই গেৰাণ্টীত  ভাৰতবাসীক
ভালপোৱাৰ আবেগ নাই !
তাত আছে হিচাপ নিকাচ , আমি নুবুজা ব্যৱসায় ৷
দিব পাৰিবনে আপুনি গেৰাণ্টী _
আদানী আম্বানিৰ স্বাৰ্থ পুৰণ নকৰে বুলি ?
হে গেৰাণ্টীৰ চৰ্দাৰ 
দিব পাৰিবনে _ সেই গেৰাণ্টী ?
দিব পাৰিবনে সেই গেৰাণ্টী ?
পাৰিবনে ?
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।