তিনিমাহলৈ বন্ধ থাকিব শৰাইঘাট দলং

 03/15/2019 - 15:33

গুৱাহাটীঃ শৰাইঘাটৰ পুৰণি ৰেল-ৰোড দলংখন মেৰামতিৰ বাবে আজি পুৱা ৬ বজাৰপৰা বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে তিনিমাহৰ কাৰণে বন্ধ ৰখাৰ সিদ্ধান্ত লয় উত্তৰ-পূব ৰে’লৱে সীমান্ত বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনে। যিহেতু শৰাইঘাট দলংখন ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ পথ গতিকে এই বন্ধ সময়ছোৱাত তীব্ৰ যান-জঁটৰ আশংকা কৰা হৈছে।

যান-জঁট নিযন্ত্ৰণৰ বাবে কামৰূপ জিলা আৰু কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত ব্যপক তৎপৰতা গ্ৰহণ কৰিছে। শৰাইঘাটৰ নতুন দলঙৰ মাজত ডিভাইডাৰৰ ব্যৱস্থা কৰা হ’ব যাতে দলঙৰ ওপৰত কোনো বাহনে অভাৰটেক কৰিব নোৱাৰিব।

কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই জানিবলৈ দিয়া মতে, দিনৰ ভাগত শৰাইঘাট দলঙেৰে গধুৰ বাহনৰ যাতায়াত বন্ধ ৰখা হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।