‘ৰ’দ হৈ আহা তুমি’ অসমীয়া ছবিৰ গীতৰ অডিঅ’ মুকলি

 03/15/2019 - 18:59

গুৱাহাটীঃ সংস্কৃতিপ্ৰেমীসকলৰ বাবে এক সুখবৰ। ‘ৰ’দ হৈ আহা তুমি’ নামৰ এখন অসমীয়া ছবি অতি সোনকালে মুক্তি দিয়া হ’ব।

শুকুৰবাৰে এই ছবিখনৰে গীতৰ অডিঅ’ মুকলি কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত। গীতসমূহ লিখিছে ৰাজদ্বীপে আৰু সংগীত পৰিচালনা কৰিছে পৰাণ বৰকটকীয়ে৷ গীতসমূহত কন্ঠদান কৰিছে জুবিন, পাপন, পম্পী গগৈ আৰু মঞ্জুৰী বৰদলৈয়ে৷

এম বি ফিল্মচৰ বেনাৰত নিৰ্মিত চিনেমাখন ২০১৯বৰ্ষতে মুক্তি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰযোজক মৌচুমী বৰদলৈয়ে সদৰী কৰে৷ অনুষ্ঠানটিত ৰমেন বৰুৱা আৰু ৰমেন চৌধুৰীয়ে গীতৰ কেচেট উদ্ধোধন কৰে আৰু তেওঁলোকে আশা কৰে দৰ্শক শ্ৰোতাই গীতসমূহ আদৰি ল’ব। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।