মহানগৰীত চাঞ্চল্যকৰ ডকাইতি

 03/16/2019 - 15:25

গুৱাহাটীঃ চোৰ-ডকাইতৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী মহানগৰী। সময়ে সময়ে সংঘটিত হৈ থকা ডকাইতিৰ কাণ্ডই মহানগৰীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটোকে বাৰে বাৰে উদঙাই দেখুৱায়।

ঘৰ এৰি দিনৰ বেলাতো ওলাই যাব নোৱাৰা হ’ল মানুহ। নিশাৰ কথাতো ক’বই নালাগে। মহানগৰীৰ গড়চুকৰ আহোমগাঁৱত শুকুৰবাৰে নিশা পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

এছএছবিৰ প্ৰাক্তন বিষয়া কাচুং ছুলেমানৰ ঘৰত সংঘটিত হয় ডকাইতিৰ এই ঘটনা। দুৰ্বৃত্তই পিষ্টল দেখুৱাই গৃহস্থৰ হাত-ভৰি বান্ধি সোণৰ আ-অলংকাৰ, নগদ ধন, এখন আই-১০ বাহনৰ লগতে লুটি লৈ যায় বহু মূল্যৱান সা-সম্পত্তি। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।