মালিগাঁৱত ব্যৱসায়ী সন্ধানহীন

 03/16/2019 - 15:38

গুৱাহাটী: মহানগৰীৰ মালিগাঁৱৰ পৰা সন্ধানহীন হৈছে এজন ব্যৱসায়ী। ক্ষুদ্ৰ ব্যৱসায়ীজন শদিলাপুৰৰ পিনাৰ সুজানদাৰ বুলি জানিব পৰা গৈছে। সোমবাৰে পিনাৰ সুজানদাৰে ব্যৱসায় সংক্ৰান্তত বকোলৈ ৰাওনা হৈছিল আৰু তেতিয়াৰপৰায়ে বৰ্তমানলৈ তেওঁ সন্ধানহীন হৈ আছে।

ইফালে সন্ধানহীন ব্যৱসায়ীজনৰ ম'বাইলো চুইছ অফ। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ব্যৱসায়ীজন কোনো দুৰ্বৃত্তৰ চক্ৰান্তৰ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গই। পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।