ভূতনাথত জব্দ ১০০ লিটাৰ অবৈধ চুলাই

 03/16/2019 - 16:11

গুৱাহাটী: মহানগৰীত অব্যাহত আছে বিষাক্ত চুলাইৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান। অবৈধ চুলাইৰ বিৰুদ্ধে মহানগৰীৰ ভূতনাথ,আঠগাঁওত আজি আবকাৰী বিভাগে এক অভিযান চলায়

অভিযানত ভূতনাথৰ প্ৰায় ১০০ লিটাৰ চুলাই নষ্ট কৰা হয়। বিগত সময়ত চুলাই খাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিহত হৈছিল বহু লোক।

বিষাক্ত আৰু অবৈধ চুলাইৰ বিৰুদ্ধে সেই সময়ৰ পৰা মহানগৰীত চলি আছিল আবকাৰী বিভাগৰ অভিযান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।