সাধাৰণ ৰাইজৰ ধন হৰলুকি কেপিটেল ফাৰ্ষ্টৰ

 03/16/2019 - 16:13

গুৱাহাটীঃ কেপিটেল ফাৰ্ষ্ট নামৰ এটা বেচৰকাৰী বিত্তীয় সংস্থাই অসমৰ বিভিন্ন ঠাইত লোণ দিয়াৰ অজুহাতত আভূৱা ভাৰি ৰাইজৰ বেংক একাউন্টৰ পৰা ধন হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

সদৌ অসম একত্ৰিত জাতি যুৱ পৰিষদ আৰু অসম উন্নয়ন পৰিষদে এই দুষ্কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায়। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সংগঠন দুটাই  সংবাদ মাধ্যমৰ আগত জনায় যে বিগত বিশ বছৰে বিভিন্ন ধৰণৰ বিত্তীয় অনুষ্ঠানে এইদৰে ৰাইজৰ কষ্টৰ ধন হৰলুকি কৰি পলায়ন কৰি আহিছে।

দেশৰ অৰ্থনৈতিক ভেটি সুস্থ কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিয়াৰ পাছতো কিছু অসাধু ব্যৱসায়ীয়ে কয়লা চিণ্ডিকেট, সাৰৰ চিণ্ডিকেট চলাই অহাৰ লগতে মাজে মাজে সংঘটিত কৰা এনেধৰণৰ বিত্তীয় কেলেংকাৰীবোৰে ৰাইজক বিপদত পেলাইছে।

এই সন্দৰ্ভত গুৰুত্ব দিবলৈ প্ৰশাসন তথা মুখ্যমন্ত্ৰীক আহ্বান জনায় সংগঠন দুটাই। উল্লেখ্য যে, কেপিটেল ফাৰ্ষ্টৰ বিৰুদ্ধে দিছপুৰ থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী প্ৰশাসনে অনতিপলমে বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি ভয়ানক হ’ব বুলি সংগঠন দুটাই সকীয়াই দিয়ে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।