২০ মাৰ্চৰ পৰা বশিষ্ঠত ৰুদ্ৰযজ্ঞ অনুষ্ঠান

 03/16/2019 - 17:37

গুৱাহাটী: অহা ২০ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ ৫ দিনীয়া কাৰ্যসূচীৰে বশিষ্ঠৰ পঞ্চকন্যা আশ্ৰমত আয়োজন কৰা হৈছে শ্ৰী ৰুদ্ৰযজ্ঞ অনুষ্ঠান। পঞ্চকন্যা আশ্ৰমৰ প্ৰতিষ্ঠাপক আচাৰ্য্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত তথা পঞ্চকন্যা ধাম পৰিচালনাৰ সমিতিৰ সৌজন্যত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

কেইবাটাও আধ্যাত্মিক কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখীকো আমন্ত্ৰণ জনোৱা হৈছে। ২০ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা বেদধ্বনি কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটি ২৪ মাৰ্চ,দেওবাৰে পূৰ্ণাহুতিৰে সামৰণি পৰিব।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখিয়েই শনিবাৰে সংবাদমেল সম্বোধন কৰি সমূহ অসমবাসীকে এই আধ্যাত্মিক অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনায় উদ্যোক্তাসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।