২০মে'ৰ পূৰ্বে প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ ফলাফল

 03/17/2019 - 13:07

গুৱাহাটী: অহা ২০ মে'ৰ পূৰ্বে প্ৰকাশ পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। গুৱাহাটীৰ বামুণীমৈদামস্থিত  অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ৰ সভাকক্ষত কালি অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা ব্যক্ত কৰে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহায়ে।

বৰগোঁহায়ে জনোৱা মতে, 'পূৰ্বতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বিভিন্ন খেলিমেলিৰ মাজেৰে অনুষ্ঠিত হোৱা বুলি অভিযোগ আছিল। বিশেষকৈ পৰীক্ষাসমূহ সঠিকভাৱে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱা বুলি শিক্ষা সংসদৰ বিৰুদ্ধে এক গুৰুতৰ বদনাম আছিল। কিন্ত্ত এইবাৰৰ পৰীক্ষাসমূহ সুকলমে অনুষ্ঠিত হৈছে।

এই অনুসৰি অহা ২০ মে'ৰ পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আনহাতে, এইবাৰ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰা আৰু শীঘ্ৰে ফলাফল ঘোষণা কৰিব পৰা কেন্দ্ৰলৈ ৫০ হেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰিব বুলিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে'।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।