দিলীপ বৰ্মনৰ 'মানুহৰ দেশত' উন্মোচন

 03/17/2019 - 15:15

গুৱাহাটী: সমন্বয় শিল্পী সাহিত্য পৰিষদ, অসমৰ উদ্যোগত আৰু পদ্মা লাইব্ৰেৰীৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এখন 'মানুহৰ দেশত' নামৰ এখন গ্ৰন্থ উন্মোচনী সভা আৰু বঁটা প্ৰদান অনুষ্ঠান। দিলীপ বৰ্মনৰ 'মানুহৰ দেশত' গ্ৰন্থখন উন্মোচন কৰে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই।

প্ৰায় ২০০ পৃষ্ঠাৰ গ্ৰন্থখনত এজন ব্যক্তিৰ জীৱনৰ বিভিন্ন দিশ সন্নিবিষ্ট কৰা হৈছে। ১৭টা অধ্যায়ৰ গ্ৰন্থখন নলবাৰীৰ কাশীমপুৰৰ পদ্মা লাইব্ৰেৰীয়ে প্ৰকাশ কৰিছে। গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে ফনীন্দ্ৰ নাথ কলিতাই। ইফালে, এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন ৰাজ্যিক শিক্ষামন্ত্ৰী ৰমনী বৰ্মন, নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ চক্ৰৱৰ্তীৰ লগতে অসমৰ সাহিত্য তথা শিক্ষা সমাজৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

এই সভাত বহু কেইজন গণ্য মান্য ব্যক্তিক বঁটা প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।