অতুল বৰা-কেশৱ মহন্তক সৰ্বকালৰ প্ৰতাৰক আখ্যা সচেতন নাগৰিকৰ

 03/19/2019 - 16:48

গুৱাহাটীঃ অসম গণ পৰিষদ দলে ৰাইজৰ আৱেগ অনুভূতিক নস্যাৎ কৰি পুনৰ বিজেপিৰ সৈতে মিত্ৰতাৰে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তৰ পাছতে ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ একাংশ জাতীয়তাবাদী চেতনালব্ধ লোকৰ লগতে বহু অগপ কৰ্মী। ইয়াৰ পৰিপ্ৰক্ষিততে যোৱা ১৬ মাৰ্চত আমবাৰীস্থিত অগপ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল খিলঞ্জীয়া কিছু লোকে।

কিন্তু এই লোকসকলৰ ওপৰত অগপৰ উদণ্ড সমৰ্থকে আক্ৰমণ কৰাৰ উপৰিও প্ৰতিবাদকাৰীসকলক বিভিন্ন দলৰ কৰ্মী বুলি অভিহিত কৰাক লৈ জাঙুৰ খাই উঠিছে প্ৰতিবাদকাৰীসকল। মঙলবাৰে এক সংবাদমেল যোগে প্ৰতিবাদকাৰীসকলৰ হৈ কৃষ্ণা শৰ্মা আৰু নম্ৰতা শৰ্মাই স্পষ্ট কৰি দিয়ে যে- অগপৰ কাৰ্যালয়ত প্ৰতিবাদ কৰা সকলৰ মাজত কোনো ৰাজনৈতিক কৰ্মী জড়িত নাই।

তেওলোকে মন্তব্য কৰে যে- ' অগপ দল কোনো নেতাৰ পৈতৃক সম্পত্তি নহয়। ৮৫৫ জন শ্বহীদৰ বলিদানেৰে গঠিত হোৱা অসমৰ ৰাজনৈতিক দল হৈছে অগপ। গতিকে সমূহ অসমবাসীৰ এটা আৱেগ এই দলটোৰ সৈতে জড়িত।

দলটোৰ বেয়া হোৱা কামৰ বিৰুদ্ধে অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে বুলিও তেওলোকে মতপোষণ কৰে। যিসকলে এই প্ৰতিবাদকাৰীসকলক ৰাজনৈতিক দল-সংগঠনৰ সমৰ্থক বুলি কৈছে তেওলোকক ক্ষমা খুজিবলৈও দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।