নৰ্থ-ইষ্ট মাইনৰিটী চেম্বাৰ্চ অফ কমাৰ্চ গঠন

 03/19/2019 - 18:57

গুৱাহাটী: অসমসহ উত্তৰ-পূৱৰ কৃষকে নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত বজাৰ মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে। একাংশ মধ্যভোগী দালালে কৃষকৰ উৎপাদিত সামগ্ৰীৰ ওপৰত মুনাফা লুটি কৃষক সমাজৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক দিশটোক কোঙা কৰি পেলাইছে।

মধ্যভোগী দালাল চক্ৰক উৎখাত কৰি, বঞ্চিত-দুৰ্ভগীয়া কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান তথা থলুৱা উৎপাদিত সামগ্ৰীৰ এখন উপযুক্ত ব্যৱসায়িক মঞ্চ প্ৰদান কৰাৰ পৱিত্ৰ লক্ষ্যৰে যুৱ সমাজকৰ্মী তৌচিক হুছেইন ৰেজাৰ নেতৃত্বত নৰ্থ ইষ্ট মাইনৰিটী চেম্বাৰ্চ অফ কমাৰ্চৰ তদৰ্থ কমিটীখন গঠন কৰা হয়।

গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীত অনুষ্ঠিত হোৱা এখন সভাত টি. পি. আশ্ৰফ আলীক সভাপতি আৰু জামান কাদিৰুৰক সাধাৰণ সম্পাদক হিচাপে লৈ নৰ্থ ইষ্ট মাইনৰিটী চেম্বাৰ্চ অফ কমাৰ্চৰ তদৰ্থ কমিটীখন গঠন কৰা হয়। উল্লেখযোগ্য যে কৃষকৰ শ্ৰমৰ উপযুক্ত মৰ্যদা প্ৰদানৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু আধাশুধীয়া প্ৰচেষ্টাৰে যুৱ সমাজকৰ্মী তৌচিফ হুছেইন ৰেজাই নৰ্থ-ইষ্ট মাইনৰিটি চেম্বাৰ্চ অফ কমাৰ্চৰ সম্পূৰ্ণ ডিজাইন প্ৰস্তুত কৰি উলিয়াইছে। সাংবাদিক চাইজুৰ ৰহমান আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জিয়াউল ইছলাম চৌধুৰীয়ে বিশেষ সহযোগ আগবঢ়াইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।