লোকসভা নিৰ্বাচনৰ বাবে যুৱ সমাজৰ মাজত সজাগতা

 03/19/2019 - 19:41

গুৱহাটীঃ আগন্তুক নিৰ্বাচনৰ বাবে যুৱ সমাজে কেনে ধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব বা কিমান সজাগতা অৱলম্বন কৰিব তাৰ বাবে সচেতন হৈ অসম নাগৰিক সমাজৰ তৰফৰ পৰা আজি গুৱহাটী প্ৰেছ ক্লাৱত এখনি সংবাদমেল অনুষ্ঠিত কৰে৷ সংবাদ মেলখনত অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় যে, মোডীয়ে ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰ শাসনলৈ আহিলে ভাৰতলৈ ‘ভাল দিন আহিব’, ‘দেশত সুশাসন’ প্ৰতিষ্ঠিত হ’ব৷

অসমৰ দীৰ্ঘদিনীয়া বিদেশী নাগৰিক সমস্যাৰ ক্ষেত্ৰতো প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে ক্ষমতালৈ অহাৰ পিছ দিনাই বিদেশীয়ে টালি-টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব৷ এতিয়া দেখা গ’ল সেই আটাইবোৰ প্ৰতিশ্ৰুতিয়ে আছিল ভুৱা৷ বিমুদ্ৰাকৰণৰ ফলাফল কি হ’ল বুলি প্ৰশ্ন কৰি ভূঞাই লগতে কয় যে নিষিদ্ধ কৰা টকা প্ৰায় ৯৯.৩% ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিল৷ তাৰ মানে ক’লা ধন প্ৰায় নোলালেই, এই সকলোবোৰ ৫বছৰে একো হৈ নুঠিল৷

এই প্ৰসংগ লৈ এইবাৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম নাগৰিক সমাজে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে৷ সেয়ে এইবাৰ এখন সুস্থ সমাজ আৰু এখন সুস্থ দেশ গঢ়ি তুলিবলৈ আজিৰ এই সংবাদমেলখন আয়োজন কৰা হৈছিল৷ কিয়নো ইয়াৰ ওপৰত যুৱ সমাজ সচেতন হোৱাটো অত্যন্ত প্ৰয়োজন৷ এইবাৰ লোকসভা নিৰ্বাচনত ১৮-২০ বছৰ বয়সীয়া ভোটাৰ ১০ কোটিতকৈয়ো অধিক৷

সেয়ে এইবাৰ এখন ভাল চৰকাৰ গঢ়ি তুলিবলৈ সম্পূৰ্ণ যুৱ সমাজৰ ওপৰত দায়িত্ব অধিক৷ যুৱ সমাজক সুস্থ বিবেচনাৰে ভোটদান কৰাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ নাগৰিক সমাজৰ উদ্যোগত অহা ২৩ মাৰ্চৰ পুৱা ১০.৩০ বজাত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত ‘দেশৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক এক যুৱ সমাৱেশ আয়োজন কৰা হৈছে৷

এই সমাবেশত গুজৰাটৰ দলিত যুৱনেতা জিগনেচ মেৱানি, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি এন চাই বালাজী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদিকা শতৰূপা চক্ৰৱৰ্তী, সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু লেখিকা পাৰবিন চুলতানাই অংশগ্ৰহণ কৰিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।