পথ দুৰ্ঘটনাত দেশত প্ৰতি চাৰি মিনিটত মৃত্যু হয় এজনৰ

 03/20/2019 - 18:38

গুৱাহাটী: দেশত ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। ভাৰতত প্ৰতি চাৰি মিনিটত এজন আৰু প্ৰতিদিনে ৩৬০জন লোকৰ পথ দূৰ্ঘটনাত মৃত্যু হয়। ইফালে, প্ৰতিবছৰে দেশত ডেৰ লাখতকৈয়ো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে পাঁচ লক্ষাধিক লোকে পংগুত্বৰ জীৱন আকোৱালি ল'ব লগা হয়।

এই ভয়াৱহ তথ্য দাঙি ধৰে জিলা পৰি‍ৱহণ বিষয়া গৌতম দাসে। কালি কামৰুপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আমিনগাঁওৰ শৰাইঘাট স্কুলত অনুষ্ঠিত এক সজাগতা সভাত দাসে জনায় যে, কামৰূপ জিলাত যোৱা বছৰ ৬৮৮জন লোক পথ দুৰ্ঘটনাত মৃত্যু হয়। আনহাতে, ৪৪০জনতকৈও অধিক ব্যক্তি আহত হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথম দুমাহৰ ভিতৰত ১৪১ টা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ৮৪জন লোকৰ মৃত্যু হৈছে। সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অভিনেত্রী বিৰিণা চক্ৰৱৰ্তীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।