ইনষ্টাগ্ৰামে কঢ়িয়াইছে সুখবৰ

 03/21/2019 - 19:19

ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰামে কঢ়িয়াই আনিছে সুখবৰ। এতিয়াৰে পৰা ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে ইনষ্টাগ্ৰামতে কৰিব পাৰিব বজাৰ। ফেচবুকৰ মালিকাধীন ইনষ্টাগ্ৰাম প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিছে ইন-এপ্লিকেচন শ্ব’পিং সেৱা।

ইয়াৰ বাবে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা ১৩০ নিযুত লোকে বিভিন্ন কোম্পানীৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। বৰ্তমান আমেৰিকাত মুকলি কৰা হৈছে এই সেৱা। যাৰ দ্বাৰা ২৩ টাকৈ সামগ্ৰী গ্ৰাহকৰ বাবে উপলব্ধ হৈছে।

সামগ্ৰীসমূহৰ ভিতৰত আছে বাৰবেৰী, ডায়ৰ, নাইকী, প্ৰাডা, ৱাৰবি পাৰ্কাৰ, কাইলী কছমেটিকছ ইত্যাদি। ইতিমধ্যে প্ৰতিষ্ঠানটোৱে ইন-এপ্লিকেচন শ্ব’পিং সেৱাৰ তালিকাত অধিক নাম সংযোজন হ’ব বুলি জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।