দপদপকৈ জ্বলি উঠিল ৰখাই থোৱা বাহন

 03/23/2019 - 14:09

গুৱাহাটীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত আজি হঠাতে লাগে হুৱাদুৱা। সেই স্থানতে ৰাখি থোৱা এখন টাটা ইণ্ডিকা বাহন মানুহৰ চকুৰ পচাৰতে দপদপকৈ জ্বলি উঠা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

কোনো কাৰণ নোহোৱাকৈ জ্বলি উঠা বাহনখন দেখি আতংকিত হৈ উঠে উপস্থিত জনতা। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কেনেদৰে সংঘটিত হ’ল এই দুৰ্ভাগ্যজনক ঘটনা। যান্ত্ৰিক বিজুতিৰ ফলতে গাড়ীখন হঠাৎ জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।