বিবাহ সংক্ৰান্তীয় এপ ‘বন্ধন লাইফ’ মুকলি

 03/23/2019 - 18:52

গুৱাহাটী: এখন ব্যস্ততাপূৰ্ণ সমাজ য’ত সকলো নিজক লৈয়ে ব্যস্ত৷ হয়টো কোনোৱে চাকৰিৰ সন্ধানত, কোনো কোনো আকৌ পঢ়া-শুনা কৰি জীৱন গঢ়াত ব্যস্ত৷ আৰু এই ব্যস্ততাবোৰৰ বাবে নিজ নিজ জীৱনসংগী বিচৰাৰ ক্ষেত্রত ব্যৰ্থ হৈ পৰিছে নৱপ্ৰজন্ম৷
আজি গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে নৱপ্ৰজন্মৰ লগতে সকলোৰে উপকাৰৰ উদ্দেশ্যে ‘বন্ধন লাইফ’ নামৰ এটা এপ্ শুভাৰম্ভ কৰা হয়৷ জ্যোতিষী লীলামাধৱ শইকীয়াই আৰম্ভ কৰি উলিয়াইছে উপযুক্ত জীৱনসংগীৰ প্ৰাৰ্থী বিচৰা এই এপটো৷ তেওঁ কয় যে, এই এপৰ জৰিয়তে নিজৰ নিজৰ জীৱনসংগীক সহজে বিছাৰি পোৱাৰ সুযোগ লাভ কৰিব পাৰিব৷
বাকীবোৰ মেট্ৰিম’নিয়েল এপতকৈ এইটো এপ পৃথক৷ ইয়াৰ ৰেজিষ্ট্ৰেচন কৰিলে বিনামূলীয়াকৈ এস্ত্রোল'জিকেল সেৱা পাব এই এপটোৰ জৰিয়তে৷ লগতে তেওঁলোকৰ বিবাহযোগ কেতিয়া পৰিব? বিবাহত কি বাধা আছে? তেওঁলোকৰ বিবাহৰ সময় কি হ’ব? কেনেকুৱা ধৰণৰ পাত্ৰ-পাত্ৰী পাব? বিবাহৰ পিছত সমস্যা বা মাংগলিক হয় নে নহয়? তাৰ উচিত বিধান দিয়া হ’ব৷
লগতে তেওঁ কয় যে, এই এপটেো বনোৱা আমাৰ উদ্দেশ্য যে আজিৰ গতিশীল যান্ত্ৰিক যুগত কোনেও কাৰো দ্বায়িত্ব বা বিবাহ সম্বন্ধীয় কথা বতৰাত, অংশগ্ৰহণ বা উপদেশ নিদিয়ে৷ আজি এই ব্যস্ত কৰ্মশৈলী থকা জীৱনত প্ৰেম বিবাহৰ বাহিৰে আনুষ্ঠানিক বিবাহ হেৰাই যোৱাৰ উপক্ৰম হৈছে৷
যিসকলে পাত্ৰ-পাত্ৰীয়ে প্ৰেম বিবাহত বিশ্বাস নকৰে, যিসকলে নিজৰ সপোন বাস্তৱিত কৰাত বা কেৰিয়াৰত পলম হয় তেতিয়া পাত্ৰ-পাত্ৰীৰ সন্ধানত অলপ চিন্তিত হোৱা দেখা যায় ৷ সমাজৰ এনে সমস্যা আৰু এজন উচিত পাত্ৰ বা পাত্ৰীৰ বাবে বিচৰা যি যান্তনাক সকাহ দিবৰ বাবে এই ‘বন্ধন লাইফ’ নামৰ এপটো তৈয়াৰ কৰা হৈছে৷
এই এপটো সম্পূৰ্ণ বিনামূলীয়া৷ ই কেৱল উত্তৰ-পূৱাঞ্চলতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে এই এপটো চলিব৷ ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।