ছলমান কেটৰিনাৰ বিয়া

 07/13/2019 - 17:39

ডিজিটেল ডেস্কঃ বলিউড সম্ৰাট ছলমান খানৰ বিয়াৰ ভিডিঅ' এটা সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগেই তোলপাৰ লাগিল দেশত। এই ভিডিঅ’টিত অভিনেত্ৰী কেটৰিনা কাইফৰ লগত বিবাহপাশত আবদ্ধ হোৱা দেখা গৈছে ছলমান খানক। ভাইজানৰ বিয়াৰ কাৰণে ৰৈ আছে অজস্ৰ গুণমুগ্ধ। সেয়ে ব্যাপক হাৰত ভাইৰেল হৈ পৰিল ভিডিঅ'টি। পিছতহে ওলাল উৰহী গছৰ ওৰ।

বাস্তৱত বিয়া হোৱা নাই ছলমান-কেটৰিনাৰ। দুয়ো অভিনীত 'ভাৰত’ চিনেমাখনৰ বিবাহৰ শ্বুটিঙৰ দৃশ্যহে হঠাতে ভাইৰেল হৈ পৰিল। এই কথাই পিছে হতাশ কৰিলে ছলমান-কেটৰিনাৰ ফেনক। বলীউডৰ এসময়ৰ হট প্ৰেমিকযুগলে পুনৰ মিল হৈ সোনকালে বিবাহপাশত আৱদ্ধ হোৱাতো কামনা কৰিছে অনুৰাগীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।