সাংস্কৃতিক মহাসভাৰ উদ্যোগত ‘ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান’

 03/23/2019 - 20:39

গুৱাহাটীঃ নিজ নিজ কামৰ বাবে খ্যাত অসমৰ কেইগৰাকীমান জনপ্ৰিয় শিল্পীক সন্মান জনোৱাৰ উদ্দেশ্যৰে আজি গুৱাহাটী প্ৰেছ ক্লাৱত সাংস্কৃতিক মহাসভাৰ উদ্যোগত ‘ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান’ অনুষ্ঠিত কৰা হয়৷

এই অনুষ্ঠানৰ জৰিয়তে অসমৰ সংবাদ জগতত যথেষ্ট অৱদান আগবঢ়োৱা নিউজ চেনেল প্ৰতিদিন টাইম, দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিন আৰু সাপ্তাহিক কাকত সাদিনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাক ‘সংবাদ সূৰ্য’, বিশ্ব দৌৰ-ৰাণী হিমা দাসক ‘স্বৰ্ণকন্যা’, সাংস্কৃতিক জগতক চহকী কৰি তোলা জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাক ‘গীতৰত্ন’, প্ৰতিষ্ঠিত কন্ঠশিল্পী জুবলি বৰুৱাক ‘সংগীত কুঁৱৰী’, জনপ্ৰিয় সংগীতশিল্পী বিপিন চাউদাঙক ‘সংগীত সৌৰভ’, নৱ প্ৰজন্মৰ প্ৰতিভাশালী কণ্ঠশিল্পী নীল আকাশক ‘সংগীত কোঁৱৰ’, বিশিষ্ট হাস্যৰসিক তথা অভিনেতা সিদ্ধাৰ্থ শৰ্মা(কে.কে)ক ‘ৰসৰত্ন’ উপাধি বঁটা প্ৰদান কৰা হয়৷

নিজ নিজ কৰ্ম তথা প্ৰতিভাৰে মহীয়ান এইসকল শিল্পী৷ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক বৰ্ণালী শৰ্মাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি৷ এই অনুষ্ঠানটিৰ আঁত ধৰে সাংস্কৃতিক মহাসভাৰ সম্পাদক ত্ৰৈলোক্য দত্তই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।