৫ এপ্ৰিলত মুক্তি পাব নৰেন্দ্ৰ মোডী

 03/24/2019 - 15:36

ডিজিটেল ডেস্ক: অতি শীঘ্ৰে মুক্তি লাভ কৰিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক এখন বলিউডৰ চিনেমাই। ২০১৯ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই মুক্তি পাব এই চিনেমাখনে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পূৰ্বে অৰ্থাৎ ৫ এপ্ৰিলত মুক্তি পাব ছবিখন।

ছবিখনত নৰেন্দ্ৰ মোডীৰ চৰিত্রত অভিনয় কৰিছে অভিনেতা বিবেক অবেৰয়ে। কিছুদিন পূৰ্বে এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।