আহি আছে তুষাৰ অৰ্জুনৰ কণ্ঠত 'ধৰি চাং ধৰি চাং'

 03/24/2019 - 16:27

গুৱাহাটী: অচিৰেই মুক্তি লাভ কৰিব অসমৰ মুম্বাই নিবাসী কণ্ঠশিল্পী তুষাৰ অৰ্জুনে কণ্ঠদান কৰা এটা বিহুগীত। 'ধৰি চাং ধৰি চাং' শীৰ্ষক গীতটোৰ সংগীত দিছে বাবলু শৰ্মাই আৰু পৰিচালনা কৰিছে মৌচম কুমাৰ উজীৰে। কালি জয়ানগৰস্থিত চিকমিক ষ্টুডিঅ'ত গীতটিৰ ৰেকৰ্ডিং সম্পন্ন কৰা হয়।

কন্ঠশিল্পীগৰাকীয়ে প্ৰতিবিম্বৰ সাংবাদিকক জনোৱা মতে, প্ৰায় দুবছৰৰ পিছত শিল্পীগৰাকীয়ে কন্ঠদান কৰিছে অসমীয়া গীতত। এইলৈ তেওঁ অত্যন্ত সুখী। বৰ্তমান মুম্বাইত ব্যস্ত থকা কণ্ঠশিল্পীগৰাকীয়ে তেওঁৰ বিভিন্ন পৰিকল্পনাৰ কথা ব্যক্ত কৰে। অসমৰ সংগীত জগততো তেওঁৰ যথেষ্ঠ কৰিবলগীয়া আছে বুলি জনায়।

লগতে বৰ্তমান তেওঁ মুম্বাইত এখন হিন্দী ছবিৰ সংগীতৰ কামত ব্যস্ত হৈ আছে বুলি উল্লেখ কৰে। আনহাতে, তেওঁ এইবাৰ সমাগত ৰঙালী বিহুতো মঞ্চত গীত পৰিবেশন কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।