ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্রী আলিয়া ভট্ট

 03/24/2019 - 16:57

ডিজিটেল ডেস্ক: মুম্বাইৰ গাৰ্ডেন বিকেচিত শনিবাৰে ৬৪ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্হিত থাকে বলিউডৰ নামী-দামী তাৰকাসকল। এই অনুষ্ঠানত বলিউড অভিনেত্রী আলিয়া ভট্ট অভিনীত 'ৰাজী'য়ে যথেষ্ঠ সংখ্যক বঁটা লাভ কৰিবলৈ সক্ষম হয়।

বিভিন্ন শিতানত পাঁচটাকৈ বঁটা লাভ কৰে চিনেমাখনে। এই চিনেমাখনত কৰা অভিনয়ৰ বাবে আলিয়া ভট্টে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্রীৰ সন্মান। চিনেমাখনত আলিয়াই চোৰাংচোৱাৰ চৰিত্রত অভিনয় কৰিছিল।

ইয়াৰ লগতে অভিনেতা ৰণবীৰ কাপুৰে 'সঞ্জু'ত কৰা আৰু ৰণবীৰ সিঙে 'পদ্মাৱত'ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। এই অনুষ্ঠানত 'পদ্মাৱত' ছবিখনে লাভ কৰে চাৰিটাকৈ বঁটা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।